Unknown disease at Bihali: অচিন ৰোগে অমানিশা নমাই আনিছে এটা পৰিয়াললৈ

By

Published : May 14, 2023, 8:05 PM IST

thumbnail

বিশ্বনাথ, ১৪ মে' : শোণিতপুৰৰ বিহালীত মৃত্যুৰ কিৰিলি (Unknown disease at Bihali)৷ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰে তিনিগৰাকী যুৱতীয়ে ৷ জানিব পৰা অনুসৰি, পৰিয়ালটোৰ তিনিগৰাকী বাই-ভনীৰ দেহত মাজু আইসদৃশ লক্ষণে দেখা দিয়াৰ লগতে অত্যন্ত গাৰ বিষ হোৱাৰ পিচতে অকাল মৃত্যুক সাৱটি লয় (Three young women die of illness)৷ 

প্ৰথম অৱস্থাত দুগৰাকী বাই-ভনীৰ দেহত অচিন ৰোগৰ লক্ষণে দেখা দিয়াত যোৱা ১১ মাৰ্চত দুয়োগৰাকীকে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুয়োগৰাকী যুৱতীৰ ৷ বিহালীৰ ভীমদংগা গাঁৱৰ নিবাসী বীৰেণ ঘাটোৱাৰৰ ২৭ বছৰীয়া কন্যা ৰঞ্জু ঘাটোৱাৰ আৰু মণিকা ঘাটোৱাৰ (২৫) ৷  দুই যুৱতীৰ শ্ৰাদ্ধৰ কিছুদিনৰ পাচত আনগৰাকী ভগ্নী ১৩ বছৰীয়া লক্ষ্মী ঘাটোৱাৰৰ দেহতো মৃত ভগ্নীদ্বয়ৰ দেহাত দেখা দিয়া অচিন ৰোগৰ লক্ষণে দেখা দিয়ে ৷ এই ৰোগত আক্ৰান্ত হৈ লক্ষ্মী ঘাটোৱাৰৰ দেওবাৰে নিজ গৃহতে মৃত্যু হয় ৷

লগতে পঢ়ক: Empty Stomach Workout: খালী পেটত জিম কৰে নেকি ? তেন্তে সাৱধান হৈ যাওক

ইফালে শেহতীয়াভাৱে বীৰেণ ঘাটোৱাৰৰ আনগৰাকী কন্যাৰ দেহতো অনুৰূপ লক্ষণে দেখা দিছে ৷ সম্প্ৰতি বিশ্বনাথৰ স্বাস্থ্য বিষয়াসকলে মাজুআই সদৃশ ৰোগটোৰ চিনাক্তৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.