thumbnail

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:57 PM IST

ETV Bharat / Videos

ISKF ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ-২০২৪ত ধেমাজিৰ তিনিগৰাকী খেলুৱৈৰ সাফল্য

ধেমাজি, 19 জানুৱাৰী : ধেমাজিৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ ৷ 2024 চনৰ জানুৱাৰীত মাহত হাৰিয়ানাত অনুষ্ঠিত হোৱা নেচনেল কাৰাটে চেম্পিয়নশ্বিপত ধেমাজিৰ তিনিগৰাকী খেলুৱৈয়ে পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

ধৰ্মশালা, হাৰিয়ানাৰ কুৰুক্ষেত্ৰত 5 ৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল এই 23 সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ-2024 ৷ এই চেম্পিয়নশ্বিপত ধেমাজিৰ সুদৰ্শনা গগৈয়ে সোণৰ পদক, ভাস্কৰ মৰাণ বৰুৱাই ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু ৰুবীস্মিতা বৰুৱাই ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷  The International Shotokan Karate Federation ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ খেলুৱৈ কেইজনৰ এই সফলতাত পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে স্থানীয় লোক তথা প্ৰশিক্ষক ৷

লগতে পঢ়ক : মৰিধল মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় এথলেটিকছ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.