সোণাৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি সৰবৰাহকাৰী আটক - সৰবৰাহকাৰী আটক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-11-2023/640-480-20121218-thumbnail-16x9-sonari.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 26, 2023, 10:23 PM IST
ডিব্ৰুগড়, 26 নৱেম্বৰ : চৰাইদেউৰ সোণাৰিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত, মঞ্জুশ্ৰী চাহ বাগিচাৰ পথত নামতোলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷
নামতোলা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে বিয়লিৰ ভাগত পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা এখন টাটা এচি (AS 06 CC 2625) বাহনৰ ওপৰত দুখন স্কুটীৰ ভিতৰত অতি কৌশলেৰে ভৰাই অনা 23 কিলো 415 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
নামতোলা আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ লওঁতে খেদি খেদি আৰক্ষীয়ে মঞ্জুশ্ৰী চাহ বাগিচাত তিনিজন যুৱকক গাঞ্জাসহ কৰায়ত্ত কৰে ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী কেইটা ডিব্ৰুগড় জিলাৰ মৰাণৰ ক্ৰমে কৃষ্ণ গগৈ, বিপুল গগৈ আৰু পংকজ ফুলকোঁৱৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : অনুষ্কাৰ ৰহস্যজনক আত্মহননক লৈ চাঞ্চল্য; বনকৰা মহিলাক জেৰা