Thieves new tactics: বাইক ল’বলৈ আহি ৰঙা ঘৰৰ আলহী হ’ল দুই যুৱক - Sonitpur
🎬 Watch Now: Feature Video
চতিয়া,২৮ জুলাই: আপুনিও ফাইনেন্সত বাইক ল’ব বিচাৰে নেকি ! তেন্তে সাৱধান ৷ অন্যথা আপুনিও ৰঙাঘৰৰ আলহী হ’ব পাৰে ৷ কাৰণ বাইক ফাইনেন্সত লোৱাই দিয়া আৰু লোভনীয় টকা দিয়াৰ প্ৰতিশ্ৰুতি দি দুষ্ট চক্ৰই আপোনাকে বিপদত পেলাব পাৰে ৷ জামুগুৰিহাটত তেনে এক ঘটনা পোহৰলৈ আহিছে ৷ এই চক্ৰটোৰ মূল টাৰ্গেট হ’ল একাংশ দুখীয়া লোক ৷ য’ত চক্ৰটোৱে প্ৰথমে যুৱকক প্ৰয়োজনীয় ডাউন পেমেণ্ট দি ফাইনেন্সৰ জৰিয়তে গাড়ী ক্ৰয় কৰাত সুবিধা কৰি দিয়ে ৷
কিছুদিন যোৱাৰ পাচত বাহনৰ গৰাকী যুৱকৰ পৰা দুষ্ট চক্ৰটোৱে কিছু সময়ৰ কাৰণে বাইকখন চলাবলৈ খুজি লৈ যায় ৷ তাৰ পাচতে বাইক সহ নিৰুদ্দেশ হয় দুষ্ট চক্ৰটো ৷ শুকুৰবাৰে জামুগুৰিহাটৰ এটা বাইক ডিলাৰৰ পৰা জালত পৰা এগৰাকী যুৱকক বাইক ক্ৰয় কৰি দিবলৈ আহিছিল চক্ৰটোৰ সদস্য ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগীয়া হয় দুষ্ট চক্ৰটোৰ লগত জড়িত দুই যুৱক ৷ প্ৰাপ্ত তথ্যমতে এই বাইক চুৰি চক্ৰটোৰ লগত কেইবাজনো যুৱক জড়িত হৈ আছে আৰু আটাইকেইগৰাকীৰ ঘৰ চতিয়াৰ ঘাঁহি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:The Nameri National Park: বনকৰ্মীৰ অভিযানত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাৰণাস্ত্ৰ উদ্ধাৰ