বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ - সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-11-2023/640-480-20086794-thumbnail-16x9-sss-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 22, 2023, 7:19 PM IST
ধেমাজি , ২২ নৱেম্বৰ: বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজে উত্তাল কৰিলে ধেমাজি খণ্ড শিক্ষা বিষয়া কাৰ্যালয় ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ধেমাজিতো আজি ধেমাজি খণ্ড সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ধেমাজি জিলা সমিতিয়ে প্ৰাপ্যৰ দাবীত দুঘণ্টীয়া বিক্ষোভ প্ৰদৰ্শন কৰে ৷ দুই শতাধিক টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকে শীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় ৷
সকলো ঠিকা ভিত্তিত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে শিক্ষক সমাজে উক্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে 'আমাৰ সৈতে ৰাজনীতি নচলিব ', 'চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক','আমাক প্ৰাপ্য দৰমহা সুৰক্ষাসহ নিয়মীয়া কৰক' আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে ৷ ইপিনে, এই দাবী মানি নল'লে শীঘ্ৰে জংগী আন্দোলনৰ হুংকাৰ দিয়ে শিক্ষকসমাজে ৷ লক্ষণীয়ভাৱে কেইবাগৰাকী মহিলা টেট শিক্ষয়িত্ৰীয়ে কোলাত কেচুঁৱা লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে ।
TAGGED:
Dhemaji TET teacher protest