thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:52 PM IST

ETV Bharat / Videos

Dhing News: দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভাত হিচাপ-নিকাচক লৈ উত্তপ্ত পৰিস্থিতি

ধিং, 10 ছেপ্টেম্বৰ : হিচাপ-নিকাচক লৈ ধিং সমষ্টিৰ অন্তৰ্গত বৰথল দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি ৷ সমিতিৰ সম্পাদকে কেতবোৰ ভুৱা আৰু জালিয়াতিৰে হিচাপ দাখিল কৰাৰ অভিযোগত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

দেওবাৰে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আয়োজিত সমিতিৰ বছেৰেকীয়া সাধাৰণ সভাত সমিতিখনৰ এক বছৰীয়া কাৰ্যকালৰ আয়-ব্যয়ৰ হিচাপ ৰাজহুৱা কৰাৰ লগে লগেই আৰম্ভ হয় উত্তপ্ত পৰিস্থিতি ৷ বিগত সাধাৰণ সভাৰ খৰছ দেখুওৱা হৈছে ১ লাখ ৯৩ হাজাৰ টকা ৷ কেৱল এয়াই নহয়, অভিযোগ অনুসৰি হিচাপৰ প্ৰতিবেদন বিভাগীয়ভাৱে অনুমোদন নকৰাকৈ সাধাৰণ সভাত পাঠ কৰিছে সমিতিয়ে ৷

সমিতিখনত লাখ লাখ টকাৰ খেলিমেলিৰ সৃষ্টি হৈছে বুলি ৰাইজৰ সন্মুখতে প্ৰকাশ পাইছিল ৷ সমিতিৰ জাহান নামৰ এজন সদস্যই ৰাজহুৱা সভাত সমিতিৰ সচিবৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহিত ব্যাৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ ২০২৩-২০২৪ চনৰ বছৰেকীয়া এই সাধাৰণ সভাত বিভাগীয়ভাৱে মৰিগাঁও জিলাৰ সমুদ্ৰ বৰা উপস্থিত আছিল ৷ প্ৰায় ছয় শতাধিক ৰাইজ এই সাধাৰণ সভাত উপস্থিত আছিল ৷  

উল্লেখযোগ্য যে দলৈগাঁও সমবায় সমিতিৰ এই বাৰ্ষিক সাধাৰণ সভাত সমিতিৰ সচিবে বছৰৰ আয়-ব্যয়ৰ হিচাপৰ প্ৰতিবেদনত অন্যান্য খৰছৰ নামত ২ লাখ ৩৫ হেজাৰ ১৫৮ টকা খৰচ দেখুওৱাত সচিবগৰাকীৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠে ৷ এই খৰছ সম্পূৰ্ণ ভুৱা বুলি ৰাইজে অভিযোগ কৰে ৷ ইফালে সমিতিখনৰ ২০২২-২৩ বছৰত মুঠ ৯ লাখ ৩ হেজাৰ ২৬৭ টকা খৰচ দেখুওৱা হৈছে ৷ 

লগতে পঢ়ক : Poor Bridge in Udalguri: হাতৰ মুঠিত প্ৰাণ লৈ কালপানী নৈ পাৰ কৰিব লাগে পথাচাৰীয়ে; উন্নয়নৰ নগ্ন স্বৰূপ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.