Tense Situation in Majuli: মাজুলীত দুৰ্ঘটনাত পতিত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনত উদ্ধাৰ সুৰাৰ বটল - উত্তপ্ত মাজুলীৰ বৰগুৰি
🎬 Watch Now: Feature Video
মাজুলী, 19 মে’: মাজুলীৰ বৰগুৰি চাৰিআলিত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয় ৷ মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত হয় ছাত্ৰজন (Student Killed in a Road Accident) ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত আছিল আৰক্ষীৰ লোক ৷ লগতে বাহনখনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল (Tense Situation at Borguri in Majuli) ৷
এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত (Road Accident in Majuli) ৷ ৰাইজ ঘেৰাও কৰি ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন আৰু আৰক্ষীৰ লোকসকলক ৷ এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত ৷ ইফালে জিলা প্ৰশাসনৰ তৰফৰ পৰা মৃত ছাত্ৰজনৰ পৰিয়াললৈ 2 লাখ টকা আগবঢ়াইছে বুলি জানিব পৰা গৈছে (Tense Situation in Majuli) ৷
লগতে পঢ়ক: Road Accident in Majuli: মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত এজন ছাত্ৰ