Tantric arrested at sarusajai: আলফাৰ গুপ্তধনৰ সন্ধানত সৰুসজাই শ্মশানত তান্ত্ৰিকৰ পূজা - গুপ্তধন বিচাৰি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 22, 2023, 8:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আলফাই পূ্ৰ্বে পুতি ৰখা গুপ্তধনৰ সন্ধানত নিশা শ্মশানত তান্ত্ৰিকৰ পূজা ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই শিখৰত আৰোহণ কৰাৰ সময়ত আচৰিত যেন লাগিলেও গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই অন্ধবিশ্বাসৰ ঘটনা ৷ শনিবাৰে নিশা লখৰাৰ সৰুসজাই শ্মশানত(sarusajai shamshan)গুপ্তধন বিচাৰি পূজা-অৰ্চনাত বহিল পশ্চিম বংগৰ তান্ত্ৰিক ৷

উল্লেখ্য যে, পশ্চিম বংগৰ পৰা অহা এগৰাকী তান্ত্ৰিকক লগত লৈ দুৰাকী ব্যক্তিয়ে শনিবাৰে নিশা প্ৰায় 12 বজাত সৰুসজাই শ্মশানত জুই জ্বলাই পূজা আৰম্ভ কৰিছিল ৷ স্থানীয় লোকে সেয়া প্ৰত্যক্ষ কৰাৰ পিচতে প্ৰকৃততে কি হৈছে সেয়া বুজ ল’বলৈ উক্ত স্থানত উপস্থিত হয় ৷ স্থানীয় লোকে তিনিগৰাকী ব্যক্তিক শ্মশানৰ ভিতৰত হাড়, লাওখোলা লগত লৈ জুই জ্বলোৱা প্ৰত্যক্ষ কৰে ৷  

কিন্তু সেই স্থানত স্থানীয় লোক উপস্থিত হোৱাৰ পিচতে পাহাৰৰ দিশে পলায় যায় দুগৰাকী ব্যক্তি ৷ আনহাতে তান্ত্ৰিকগৰাকীক ৰাইজে আবদ্ধ কৰি ৰাখে(Tantric arrested at sarusajai ) ৷ প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰা অনুসৰি, পশ্চিম বংগৰ পৰা তান্ত্ৰিকগৰাকীক দীপক কলিতা নামৰ এগৰাকী ব্যক্তিয়ে  লৈ আহিছিল গুৱাহাটীলৈ ৷ তান্ত্ৰিকগৰাকীৰ নাম স্বপন দে' বুলি জানিব পৰা গৈছে ৷ লগত আছিল মেঘালয়ৰ এগৰাকী ব্যক্তি ৷ স্থানীয় ৰাইজে স্মশানৰ পৰা উদ্ধাৰ কৰিছে মেঘালয়ৰ পঞ্জীয়নভুক্ত  ML05N0367 নম্বৰৰ এখন বাহন আৰু AS01 BU 9379 এখন মটৰ চাইকেল ৷  

ইফালে, পুৱা স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি তান্ত্ৰিকজনক আটক কৰাৰ লগতে জব্দ কৰিছে দুয়োখন বাহন ৷ লগতে মেঘালয়ৰ ব্যক্তিগৰাকীও তান্ত্ৰিক বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷  সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীৰ অধিক তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃততে কোনে কি উদ্দেশ্যেৰে মাজ নিশা শ্মশানত আৰম্ভ কৰিছিল পূজা-পাতল ৷  

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.