Fit India Quiz 2022 : সৰ্বভাৰতীয় পৰ্যায়ত উজলিল কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থী - সৰ্বভাৰতীয় পৰ্যায়ত উজলিল কেন্দ্ৰীয় বিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-08-2023/640-480-19160716-thumbnail-16x9-fe.jpg)
তেজপুৰ, 2 আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ৰ দুজন ছাত্ৰ স্ব-প্ৰতিভাৰে জিলিকি উঠিছে সৰ্বভাৰতীয় পৰ্যায়ত ৷ তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ দুই ছাত্ৰ ৰংগৰাজ ডেকা আৰু দৰ্শন দিপন বৰুৱাই এই সন্মান কঢ়িয়াই আনিছে ৰাজ্যখনলৈ ৷ খেল’ ইণ্ডিয়াৰ অংশ হিচাপে 2022 বৰ্ষত অনুষ্ঠিত হোৱা Fit- India কুইজ প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় ৰানাৰ্চ আপৰ সন্মান লাভ কৰিছে কেন্দ্ৰীয় বিদ্যালয় খনৰ এই দুই গৰাকী ছাত্ৰই ৷
ছাত্ৰ দুজনে অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা 1 লাখ 25 হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিব ৷ বুধবাৰে দুই ছাত্ৰক বিদ্যালয়খনত আদৰণি জনায় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাসে ৷ ইফালে বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ এই দুই ছাত্ৰৰ সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে 12.50 লাখ টকা লাভ কৰিব বুলি জানিব দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷
দুই ছাত্ৰক বিদ্যালয়খনত তেওঁলোকে লাভ কৰা চেক প্ৰদান কৰাৰ লগতে পিতৃ মাতৃকো আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : Formalin detected in fish: যোৰহাটত খাদ্য সুৰক্ষা বিভাগৰ হাতত নাই ফৰ্মেলিন পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কীট