thumbnail

By

Published : Nov 19, 2022, 7:12 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Students Busy in Paddy Field : আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত দাৱনীৰ ৰূপত ছাত্ৰী

হেঁপাহৰ আঘোণ । কৃষিজীৱী লোকসকলৰ মাজত এতিয়া এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । আঘোণ আঘোণ লগা এই সময়কণত সোণালী ধাননি পথাৰত কৃষক ৰাইজে একত্ৰিত হৈ এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৷ ইয়াৰ মাজতে এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় কুটুহাৰ ধাননি পথাৰত ৷ কিয়নো কুটুহা বীনাপাণি হাইস্কুলৰ ছাত্ৰীসকল এইবাৰ দাৱনী ৰূপত অৱতীৰ্ণ হৈছে । পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও অসমৰ কলা-সংস্কৃতিক ব্যৱহাৰযোগ্য কৰি আত্মনিৰ্ভৰশীল হ’বৰ বাবে শিক্ষাৰ্থীসকলক বাস্তৱসন্মত জ্ঞান প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে কুটুহা বীনাপাণি হাইস্কুল কৰ্তৃপক্ষই ৷ সেই হেতুকে কুটুহা বীনাপাণি হাইস্কুলৰ শিক্ষাগুৰুসকলে আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত ধান কটাৰ শিক্ষা দিয়া পৰিলক্ষিত হৈছে (Students busy in paddy field at kotoha) ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.