Student leader killed in Nagaland : ড্ৰাগছ ৰোধ কৰিবলৈ গৈ নগালেণ্ডত ছাত্ৰ নেতাৰ মৃত্যু - নামচা আৰক্ষী থানা
🎬 Watch Now: Feature Video
শিৱসাগৰ, 25 মে’ : নগালেণ্ডৰ মন জিলাৰ টিজিতৰ নামচা ফানতম কলনীত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা । নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ খবৰ পাই উপস্থিত হোৱা তিনি টিজিত এৰিয়া ছাত্ৰ সন্থাৰ নেতাক আক্ৰমণ । এই আক্ৰমণত নিহত হয় টিজিত এৰিয়া ছাত্ৰ সন্থাৰ এক্সন চেয়াৰমেন আহোৱা কন্যাক (Student leader killed in Nagaland while trying to curb drugs)। ইতিমধ্যে চিনাক্ত কৰা হৈছে আক্ৰমণকাৰী মেনচান কন্যাক ।
ইফালে উত্তেজিত নগা জনতাই অগ্নিসংযোগ কৰি ভস্মীভূত কৰে অভিযুক্তৰ বাসগৃহটো । অৱশ্যে নামচা আৰক্ষী থানাত আত্মসমৰ্পন কৰে অভিযুক্ত মেনচান কন্যাকে । আনহাতে, উক্ত ঘটনাৰ পাচতে টিজিত এৰিয়া ছাত্ৰ সন্থাই মন জিলা 26 মে’ পৰ্যন্ত সম্পূৰ্ণ বন্ধ ঘোষণা কৰে । ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তেজিত হৈ আছে টিজিত অঞ্চলৰ লগতে সমগ্ৰ মন জিলা ।
লগতে পঢ়ক : Drugs seized at Rangia: ৰঙিয়াত ড্ৰাগছসহ আসক্ত কিশোৰক হাতে-লোটে কৰায়ত্ত