thumbnail

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:47 PM IST

ETV Bharat / Videos

সহপাঠীৰ আক্ৰমণত আহত ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি

নগাঁও, 18 ডিচেম্বৰ : নগাঁৱৰ পানীখাইতি শ্বহীদ হাইস্কুলত আজি পুৱাই এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ সহপাঠীৰ আক্ৰমণত আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে এগৰাকী ছাত্ৰী । পুৱাই বিদ্যালয়ত প্ৰাতঃসভা অনুষ্ঠিত হোৱাৰ পাচত শ্ৰেণীকোঠালৈ গৈয়েই এগৰাকী ছাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী সহপাঠী ছাত্ৰৰ বিৰুদ্ধে। 

ছাত্ৰগৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰীগৰাকী। পৰৱৰ্তী সময়ত আহত ছাত্ৰীগৰাকীৰ অৱস্থা কিছু গুৰুতৰ হোৱাত নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ হস্তান্তৰ কৰা হয় ৷ এই সমগ্ৰ ঘটনাৰ পিচতে আহত ছাত্ৰীগৰাকীৰ পৰিয়ালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ 

বিদ্যালয়খনৰ শিক্ষকে জনোৱা অনুসৰি, দুয়োৰে মাজত বহা কথাক লৈ তৰ্কাতৰ্কি হোৱাত এই ঘটনা সংঘটিত হয় ৷ শিক্ষকসকলে বৰ্তমান ঘটনা সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক সোধাপোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: People For Animal ৰ চৌহদত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰ্মচাৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.