Srimanta Sankardeva 575th birth anniversary: শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন - জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 9:27 PM IST
বৰপেটাৰোড, 24 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডৰ শাখা সত্ৰটো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 তম আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বৰপেটাৰোড চহৰত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই ভাগৱত শোভাযাত্ৰাৰ উদ্ধোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
বৰপেটাৰোড শাখা সত্ৰৰ দালানৰ সন্মুখৰ পৰা আৰম্ভ হৈ বৰপেটাৰোড চহৰৰ মাজমজিয়াৰে এই ভাগৱত শোভাযাত্ৰা উলিয়াই। এই ভাগৱত শোভাযাত্ৰাত বৰপেটাৰোড শাখাসত্ৰৰ ভকত-বান্ধৱ সমন্বিতে আই-মাতৃসকলে অংশগ্ৰহণ কৰাৰ উপৰিও মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশ লয় ।
মন্ত্ৰীগৰাকীয়ে কয় যে, শ্ৰীমন্ত শংকৰদেৱ কেৱল এজন মহাপুৰুষেই নাছিল তেওঁ আছিল জগতগুৰু ৷ এশ এটা কলাৰ অধিকাৰী পৃথিৱীত দ্বিতীয় কোনো জন্ম হোৱা নাই ৷ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ভাষা সংস্কৃতি কলা-কৃষ্টি নামঘোষা নাটক আদি দি থৈ যোৱাৰ লগতে ভাৰতীয় সনাতন সংস্কৃতিতো অনবদ্য অৱদান আগবঢ়ায়। সেয়ে সেইগৰাকী মহান জগতগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সেৱা আগবঢ়োৱা বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
লগতে পঢ়ক: Missing youth rescued: মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ যুৱকক; লগত ওলাল সোণৰ গহনা-পাতি