Missing UP person found in Assam:তিতাবৰত পিতা পুত্ৰৰ মহামিলন
🎬 Watch Now: Feature Video
তিতাবৰ, 31 আগষ্ট : সন্ধানহীন দিব্যাংগ পিতৃক বিচাৰি উত্তৰ প্ৰদেশৰ পৰা তিতাবৰত উপস্থিত হ’ল পুত্ৰ । প্ৰশাসনৰ আতিথ্যত সন্তুষ্ট হৈ সকলোকে জনাইছে ধন্যবাদ ৷ দৰাচলতে যোৱা ১৯ আগষ্ট তাৰিখে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৰহাট জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত শ্যাম ত্ৰিপাঠী নামৰ এজন ব্যক্তিক উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰাৰ পাচত দুদিন ধৰি তেওঁক লগত ৰাখে । তাৰ পাচত তিতাবৰৰ ‘শিৱাস’ নামৰ বিশেষভাৱে সক্ষম শিশুৰ বিকাশ কেন্দ্ৰক চমজাই দিয়ে দিব্যাংগ ব্যক্তিজনক ৷
যোৰহাট জিলা প্ৰশাসন কিন্তু ব্যক্তিজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰাত ব্যৰ্থ হয় ৷ শিৱাস নামৰ বিশেষভাৱে সক্ষম শিশুৰ বিকাশ কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰিমজিম মহন্তই নিজাববীয়া প্ৰচেষ্টাত ব্যক্তিজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হয় । বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ মাও আৰক্ষী থানাৰ অন্তৰ্গত চিত্ৰকূট অঞ্চলৰ পৰা দিব্যাংগ ৰাধে শ্যাম ত্ৰিপাঠীৰ পুত্ৰ আৰু আত্মীয় আহি তিতাবৰত উপস্থিত হয় ৷ পিতৃক লৈ শীঘ্ৰেই ঘৰলৈ ৰাওনা হ’ব পুত্ৰ । শিৱাসৰ এই পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ৷
লগতে পঢ়ক : Pathetic road condition:প্ৰতিনিধিৰ আওকাণত অতিষ্ঠ হৈ ৰাইজে ভাঙিলে গাঁঠিৰ ধন