কমাৰবন্ধাত গৰুভৰ্ত্তি বাহনসহ ধৃত দুই সৰবৰাহকাৰী - cattle smugglers arrest in Kamarbandha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 25, 2022, 2:06 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰুৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে । কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্ট চক্ৰই চোৰাং গৰুৰ সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । ইয়াৰ মাজতে গোলাঘাটৰ কমাৰবন্ধাত নিশা গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে চোৰাং গৰুসহ দুজন সৰবৰাহকাৰী(smuggling Cattle seized in golaghat)। তদুপৰি গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি জব্দ কৰে গৰুভৰ্তী বলেৰ' পিকআপ বাহন(cattle smugglers arrest in Kamarbandha)। নিশা স্থানীয় ৰাইজৰ সহযোগত গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হয় উক্ত গৰু ভৰ্তী AS05AC1138 নম্বৰৰ বাহনখন । পাছত ৰাইজে গৰুসহ বাহনখন আৰক্ষীক গতাই দিয়ে । উল্লেখ্য় যে গোলাঘাটৰ বিভিন্ন অঞ্চলত বৰ্তমানো অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায় ।
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.