Silver smuggling: ৰঙিয়াত ৰূপৰ অলংকাৰ জব্দ, বাছ চালকক আটক

By

Published : Oct 19, 2022, 3:22 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
ৰঙিয়াত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ ৰূপৰ অলংকাৰ (Illegal silver ornaments seized in Rangia)। আৰক্ষীয়ে বহি:ৰাজ্যৰ যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰে ৰূপৰ অলংকাৰখিনি । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰে ৰূপৰ অলংকাৰখিনি । উল্লেখ্য যে গোপন খবৰৰ ভিত্তিত নামনি মুৱা WB-63-B-5224 নম্বৰৰ যাত্ৰীবাহী বাছখনত আৰক্ষীয়ে তালাচী চলায় (Rangia police recovered silver from Bus)। আৰক্ষীৰ তালাচীৰ সময়ত বাছখনৰ কেবিনত লুকুৱাই ৰখা অৱস্থাত ২.৮৫৩ কেজি ৰূপৰ অলংকাৰ উদ্ধাৰ হয় । উদ্ধাৰ হোৱা অলংকাৰখিনিৰ গৰাকী তথা নথিপত্ৰ নোপোৱাত আৰক্ষীয়ে বাছখনৰ চালক উত্তম পালক আটক কৰে । ধৃত উত্তম পালৰ ঘৰ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ টুফানগঞ্জ থানাৰ উত্তৰ মৰদাংগা গাঁৱত বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা ৰূপৰ অলংকাৰখিনি জব্দ কৰাৰ লগতে চালকজনক সোধা-পোছা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.