Vulture found in Majuli : মাজুলী ভুৱামৰা গাঁৱত উদ্ধাৰ অসুস্থ শগুণ - উদ্ধাৰ অসুস্থ শগুণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18082095-thumbnail-16x9-majuli.jpg)
মাজুলী, 25 মাৰ্চ : আজিৰ তাৰিখত বিলুপ্তিৰ দিশলৈ গতি কৰিছে শগুণ চৰাই (Vulture in India)। ইয়াৰ মাজতে কিছুদিন পূৰ্বে মাজুলীৰ বুকাবিল পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল বহুকেইটা শগুণ (Endangered vulture died in Assam) । আজি অৰ্থাৎ শনিবাৰে পুনৰ মাজুলীৰ 2 নং ভুৱামৰা গাঁৱত উদ্ধাৰ হৈছে এটা অসুস্থ শগুণ (Sick vulture found in Majuli) ।
স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হৈছে এই অসুস্থ শগুণটো ৷ পৰৱৰ্তী পৰ্যায়ত এই অসুস্থ শগুণটোক স্থানীয় ৰাইজে উদ্ধাৰ কৰি মাজুলী বন বিভাগৰ লোকক গতাই দিয়ে । পৰৱৰ্তী পৰ্যায়ত মাজুলী বন বিভাগে উন্নত চিকিৎসা বাবে অসুস্থ শগুণটোক কমলাবাৰী পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ইফালে সঘনে এটাৰ পাচত আন এটা শগুণৰ মৃত্যুৰ বাতৰিয়ে এতিয়া শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক ৷
লগতে পঢ়ক : Vulture death in Majuli: মাজুলীত 7 টাকৈ শগুণ নিধন; কেইবাটাও শগুণ অচেতন