Junmoni Rabha death case: জখলাবন্ধা আৰক্ষী থানাত হাজিৰ এছ আই আভাজ্যোতি ৰাভা
🎬 Watch Now: Feature Video
কলিয়াবৰ, 3 জুন: অব্যাহত আছে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ৷ এই সন্দৰ্ভত শনিবাৰে জখলাবন্ধা আৰক্ষী থানাত হাজিৰ হয় জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে সাঙোৰ খাই পৰা এছ আই আভাজ্যোতি ৰাভা ৷ উল্লেখ্য যে কন্যাৰ অকালমৃত্যুৰ পিচতেই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ (Junmoni Rabha death case) ৷ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মাতৃৰ অভিযোগৰ ভিত্তিত জখলাবন্ধা থানাত ৰুজু হৈছিল গোচৰ (SI Abha Jyoti Rabha) ৷
উল্লেখযোগ্য যে, আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক তলব কৰিছিল জখলাবন্ধা আৰক্ষীয়ে ৷ অৱশ্যে সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হয় বিতৰ্কৰ আৱৰ্তত থকা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক (Jakhalabandha Police Station) ৷
লগতে পঢ়ক: Lakhara woman Murder case update : ৰঙাঘৰৰ আলহী হ’ল লালুংগাঁৱৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু