thumbnail

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:30 AM IST

ETV Bharat / Videos

Shocking electricity bill: এখন ফেন চলোৱাৰ বাবদ বিদ্যুতৰ বিল আহিল ১৭৮৭৪ টকা; হতভম্ব গ্ৰাহক

জোনাই, ৩ অক্টোবৰ : ৰাজ্যৰ প্ৰতিঘৰতে ২৪ ঘণ্টাই থাকিব বিজুলী ব্যৱস্থা ৷ এই প্ৰতিশ্ৰুতি আছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ  ৷ কিন্তু চৰকাৰৰ এই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত উঠাৰ অভিযোগ বহু ৰাইজৰ ৷ কেতিয়াবা যদি লোড শ্বেডিং, আন কেতিয়াবা আকৌ বিদ্যুতৰ বিলৰ নামত জলা কলা খাব লগীয়া হয় সাধাৰণ জনতাই ৷

এইবাৰ জোনাইৰ ৰায়াং ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ বিদ্যালয়খনৰ এগৰাকী শিক্ষকে উল্লেখ কৰা অনুসৰি, উক্ত বিদ্যালয়খনত আছে মাত্ৰ এখনেই টেবুল ফেন ৷ এখন টেবুল ফেন চলোৱাৰ বাবদ ছয়/সাত মাহৰ অন্তত বিদ্যুতৰ বিল আহিল ১৭৮৭৪ টকা ৷

এই বিদ্যুতৰ বিল দেখি এতি হতভম্ব বিদ্যালয়খনৰ শিক্ষক তথা কৰ্তৃপক্ষ ৷ কেনেকৈ আহিল বিদ্যুতৰ মাচুল ? ইফালে এই ঘটনা সন্দৰ্ভত দুবাৰকৈ বিদ্যুৎ বিভাগক অৱগত কৰাৰ পাচতো কোনোধৰণ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

গতিকে ৰাজ্য চৰকাৰক এই ঘটনাৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে জোনাইৰ ৰায়াং ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : Deaf and dumb training program : শ্ৰৱণ আৰু বাকশক্তিহীন শিক্ষাৰ্থীৰ বাবে অসমত এখন বিশ্ববিদ্যালয়ৰ স্থাপনৰ পোষকতা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.