Tollgate in Assam: অসমত পুনৰ টোলগেট আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ হ’ব; শংকৰজ্যোতি বৰুৱা - শংকৰজ্যোতি বৰুৱা
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 9:03 PM IST
ডিব্ৰুগড়, 29 আগষ্ট: কৰ সংগ্ৰহৰ লক্ষ্যৰে অসমত এখনৰ পাছত আন এখনকৈ টোলগেট স্থাপন কৰিছে চৰকাৰে ৷ ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা টোলগেটসমূহত ৰাইজে বৰ্ধিত হাৰত টোল দি আহিছে ৷ ইযাৰ বাবে ইতিমধ্যেই ৰাইজে সমস্যাৰ সন্মুখীন হৈছে ৷
এইবাৰ ৰাজ্যত পুনৰ 18খন কৈ টোলগেট স্থাপনৰ বাবে আগবাঢ়িছে চৰকাৰ ৷ ইতিমধ্যেই চৰকাৰৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা হৈছে ৷ উল্লেখ্য যে অসমৰ বিভিন্ন দল-সংগঠনে টোলগেটৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে ৷
পুনৰ 18 খন টোলগেট স্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যত আৰু টোলগেট হ’লে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি দুলীয়াজানত উল্লেখ কৰে শংকৰজ্যোতিয়ে ৷
আছুৰ সম্পাদকগৰাকীয়ে কয়, ‘‘ৰাইজক হাৰাশাস্তি কৰা টোলগেটসমূহ বন্ধ হ’ব লাগে । সদৌ অসম ছাত্ৰ সন্থাই বহু আগৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ টোলগেট নিৰ্মাণ আৰম্ভ কৰিলে পুনৰ আন্দোলন আৰম্ভ হ’ব । এই ক্ষেত্ৰত ৰাইজে সহযোগিতা কৰিব লাগিব ৷ টোলগেটক লৈ কেৱল আছুৱে প্ৰতিবাদ কৰিব বুলি সকলোৱে বাট চাই থাকিলে নহ’ব ।’’
সকলোকে একত্ৰিতভাৱে টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাই আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।
লগতে পঢ়ক: Debabrata Saikia: ১০০ খন কেবিনেটৰ সিদ্ধান্তক লৈ শ্বেতপত্ৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ