Bharatiya Gorkha Parisangha: ১০টা বিধানসভা সমষ্টি সংৰক্ষণৰ দাবী ভাৰতীয় গোৰ্খা পৰিসংঘৰ
🎬 Watch Now: Feature Video
টীয়ক,৬ ফেব্ৰুৱাৰী: ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম প্ৰদেশ সমিতিৰ ষষ্ঠ সংখ্যক ত্ৰিবাৰ্ষিক প্ৰদেশ অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে টীয়কৰ ঔগুৰিৰ অনুসূচীত জাতি নেপালী জনজাতি হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হৈছে (Session of Bharatiya Gorkha Parisangha at Teok)। এই উপলক্ষে গোৰ্খা পৰিসংঘৰ অসম প্ৰদেশ সমিতিৰ সভাপতি প্ৰকাশ দালালৰ সভাপতিত্বত সোমবাৰে অনুষ্ঠিত মুকলি সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,পৰিসংঘৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী অধ্যক্ষ নিত্যানন্দ উপাধ্যায়, উপাধ্যক্ষ য়ামপ্ৰসাদ ঘিমিৰে, ৰাষ্ট্ৰীয় সচিব প্ৰধান অভয় খালিং, প্ৰধান শিক্ষক নাৰায়ণ বৰাকে ধৰি বহু কেইগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
এই সভাতে ভাৰতীয় গোৰ্খা পৰিসংঘই কেতবোৰ দাবী সম্বলিত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া এখন স্মাৰক পত্ৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হাতত অৰ্পণ কৰে (MLA Rupjyoti Kurmi)। উল্লেখযোগ্য যে দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত এঘাৰখন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । এই সভাত পৃথক গোৰ্খা ৰাজ্যৰ দাবীক সমৰ্থন কৰাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত গোৰ্খা অধ্য়ুষিত ১০টা বিধানসভা সমষ্টি আৰু তেজপুৰ লোকসভা সমষ্টিত গোৰ্খাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় । তদুপৰি অধিক গোৰ্খা লোকৰ বসতি থকা স্বত্বেও তেনে বহু গাঁও বি টি আৰত অন্তভুৰ্ক্ত কৰাৰ বিৰোধিতা কৰিছে ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম প্ৰদেশ সমিতিয়ে (Bharatiya Gorkha Parisangha Assam Pradesh) ।
ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম প্ৰদেশ সমিতিয়ে টিৰাপ আৰু জাগুনৰ ট্ৰাইবেল বেল্টত বসবাস কৰা গোৰ্খা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে গোৰ্খাকে ধৰি ১১ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত সভাতে আগন্তুক তিনিটা বৰ্ষৰ বাবে অমৰ অধিকাৰিক অধ্যক্ষ আৰু নন্দ কিৰাতি দেৱানক সচিব প্ৰধান হিচাপে লৈ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম প্ৰদেশ সমিতি নতুনকৈ গঠন কৰা হৈছে । এই নৱ নিৰ্বাচিত সমিতিয়ে আগন্তুক দিনত গোৰ্খাসকলৰ নানা সমস্যা তথা দাবী সমূহ সমাধান ক্ষেত্ৰত বিশেষ দ্বায়িত্ব গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে । ইপিনে,উক্ত সভাত মূল সভাৰ সমান্তৰালকৈ জাতি জনগোষ্ঠীয় বিভিন্ন সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয় ।
লগতে পঢ়ক:Adani financial fraud :আদানিৰ বিত্তীয় প্ৰবঞ্চনাৰ তদন্তৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ