Poisoning in Yamuna river: যমুনা নৈত কোনো লোকে বিষাক্ত দ্ৰব্য পেলোৱাৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:36 PM IST

thumbnail

ডবকা, 10 নৱেম্বৰ : হোজাই জিলাৰ ডবকাৰ যমুনা নৈত মাছৰ উজান । শুকুৰবাৰে পুৱাই নৈত মাছ ধৰিবলৈ ভিৰ কৰিছে শ-শ লোকে । কোনো দুষ্ট চক্ৰই নিশা নৈত বিহ পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে । যাৰ বাবে এনেদৰে পানীত উপঙি উঠিছে নৈৰ মাছসমূহ । লক্ষণীয় যে, কেৱল এইবাৰেই নহয় প্ৰত্যেক বছৰে যমুনা নৈত এইধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ডবকাৰ AJYCP ৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ দলটোৱে এই জঘন্য ঘটনা সংঘটিত কৰা দোষীক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছে ৷ এই ঘটনা সন্দৰ্ভত AJYCP ৰ দলটোৱে এখন এজাহাৰ দাখিল কৰিছে । 

লগতে পঢ়ক: Propaganda against Raghav: ৰাঘৱৰ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.