Self emplyoed by making LED Buld: বাল্বেৰে স্বনিয়োজনৰ চেষ্টা ৰহাৰ দুই উদ্যমীৰ - বাল্বেৰে স্বনিয়োজনৰ চেষ্ঠা ৰহাৰ দুই উদ্যমীৰ
🎬 Watch Now: Feature Video
নিজৰ ঘৰতেই LED বাল্ব নিৰ্মাণ কৰি আত্মসংস্থাপনৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৰহাৰ দুই যুৱকে ৷ নিৱনুৱা সমস্যাই দেশত জলন্ত সমস্যা হিচাপে দেখা দিয়াৰ সময়তে ৰহাৰ দুজন যুৱকে সৃষ্টিশীল চিন্তাৰ জৰিয়তে বাচি উলিয়াইছে স্বাৱলম্বিতাৰ পথ । উদ্যমী যুৱক দুজন হৈছে নগাঁও জিলাৰ ৰহাৰ পেটবঢ়াৰ লক্ষ্য শইকীয়া আৰু হিমাংকু বৰা । এই দুই শিক্ষিত যুৱকে এল ই ডি বাল্ব নিৰ্মাণেৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ যত্ন কৰিছে (Self employed by making LED Bulb in Raha)৷ ক্ষুদ্ৰ ব্যৱসায়টিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগতে আন বহুতকে কৰ্ম সংস্থাপন প্ৰদান কৰিছে দুই শিক্ষিত যুৱকে । দুই শিক্ষিত যুৱকে পোনপ্ৰথমে ১২ হাজাৰ টকাৰে আৰম্ভণি কৰিছিল ব্যৱসায়ৰ ৷ পৰৱৰ্তী সময়ত ব্যৱসায়টোৰ দ্বাৰা যথেষ্ট লাভ অৰ্জাৰ লগতে নৱপ্ৰজন্মকো উৎসাহিত কৰি তুলিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST