thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:17 PM IST

ETV Bharat / Videos

Bhogpur Satra of Majuli:মাজুলীৰ ভোগপুৰ সত্ৰৰ চৌহদৰ দক্ষিণহাটী মাটিৰ তলত কড়ি উদ্ধাৰ

মাজুলী, ৪ নৱেম্বৰ :মাজুলীৰ ভোগপুৰ সত্ৰৰ চৌহদৰ দক্ষিণহাটীৰ মাটিৰ তলত বৃহৎ সংখ্যক কড়ি উদ্ধাৰ হৈছে । ভোগপুৰ সত্ৰৰ বহা সমূহ নতুনকৈ নিৰ্মাণ কৰিবলৈ মাটি খান্দোতে উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ কড়ি । এই কড়ি সমূহ আগতে মুদ্ৰা হিচাবে ব্যৱহাৰ হৈছিল বুলি ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে সদৰী কৰিছে । মানৰ আক্ৰমণৰ সময়ত এই কড়ি সমূহ মাটিৰ তলত পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে ।  

সত্ৰৰ চৌহদত আৰু পুৰণি বস্তু থকাৰ সন্দেহ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে । মুদ্ৰাৰ প্ৰচলনৰ হোৱাৰ পূৰ্বে এই কড়ি ব্যৱহাৰৰ কৰিছিল । ৪৯৬ বছৰীয়া সত্ৰখনত এই কড়ি উদ্ধাৰৰ হোৱাৰ পাছত মাটিৰ তলত আৰু পুৰণি মূল্যবান সামগ্ৰী মাটিৰ তলত পুটি থোৱাৰ সন্দেহ আহি পৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠা কৰা সত্ৰখনত আৰু বহু পৌৰাণিক সমল থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:MNREGA Job Card : চৰকাৰৰ গাফিলতিৰ বাবে কৰ্মদিনৰ অভাৱত ১০ লাখ লোকে এৰিলে জব কার্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.