Heat waves in Assam: ডিব্ৰুগড়-তিনিচুকীয়াত সলনি হ’ল পাঠদানৰ সময় - School time table of Dibrugarh changed
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18681896-thumbnail-16x9-dib.jpg)
মৰাণ/তিনিচুকীয়া, 5 জুন: উৎকট গৰমে দহিছে ৰাজ্য। গৰমৰ প্ৰকোপত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যবাসী। নিতৌ বৃদ্ধি পাইছে তাপমাত্ৰা (Heat waves in Assam)। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে অত্যধিক গৰমৰ বাবে ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহত সালসলনি ঘটাইছে পাঠদানৰ সময়সূচী। সোমবাৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যলয়ে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে (School time table of Dibrugarh changed)।
ডিব্ৰুগড় প্ৰশাসনৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ পৰা ১২ বজালৈকে, মধ্য ইংৰাজী বিদ্যালয়ত পুৱা ৭.৩০ পৰা দুপৰীয়া ১২.৩০ বজালৈকে আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱা ৭.৩০ পৰা দুপৰীয়া ১ বজালৈকে পাঠদান কৰা হ’ব । অহা ৬ জুনৰ পৰা এই নিদেৰ্শনা কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে ।
ইফালে আজি তিনিচুকীয়াতো বৰ্ধিত তাপমাত্ৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে (ভা.প্ৰ.সে) এক নিৰ্দেশমর্মে বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ কিছু সালসলনি কৰিছে। ৬ জুনৰ পৰা তিনিচুকীয়া জিলাৰ চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয় উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হ’বলগীয়া এই নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.১৫ বজালৈকে, উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১২.৪৫ বজালৈকে তথা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১.১৫ বজালৈকে নিৰ্ধাৰিত কৰা হৈছে (School time table changed)। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Heat waves in Assam : উৎকট গৰম; ৰাজ্যৰ ৯৫ শতাংশ প্ৰাথমিক বিদ্যালয়ত নাই চিলিং ফেন