Students arrested for fishing : বৰশীয়ে বিপদ হ’ল তেজপুৰৰ তিনি স্কুলীয়া ছাত্ৰৰ - লালমাটি আৰক্ষী চকী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 12:31 PM IST

তেজপুৰ, 11 অক্টোবৰ: বৰশী বোৱাৰ বাবেই পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ’ল তেজপুৰৰ তিনি ছাত্ৰ । পৰীক্ষা হলৰ পৰিৱৰ্তে বহি থাকিবলগীয়া হ’ল থানাৰ বাৰান্দাত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তেজপুৰৰ পৰ্বতীয়াৰ তিনি ছাত্ৰই ঘৰৰ ওচৰৰে এটা পুখুৰীত বৰশী বাইছিল আৰু এই বৰশী বোৱাই বিপদ মাতি আনিলে তিনি ছাত্ৰৰ জীৱনলৈ ৷

তিনি ছাত্ৰক পুখুৰীত বৰশী বোৱা প্ৰত্যক্ষ কৰি স্থানীয় প্ৰণৱ পটংগীয়া নামৰ এজন লোকে তিনি ছাত্ৰকে মাৰ-ধৰ কৰাৰ লগতে লালমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বুলি ভুক্তভোগী তিনি ছাত্ৰই জানিবলৈ দিয়ে ৷ ভুক্তভোগী তিনি ছাত্ৰৰ অভিভাৱকৰ অভিযোগ অনুসৰি বৰশী বোৱাৰ বাবদ 50 হাজাৰ টকাৰ জৰিমনা দাবী কৰে এজাহাৰকাৰী পটংগীয়াই । আনহাতে ছাত্ৰ কেইজনৰ অভিভাৱকেও অভিযোগকাৰী পটংগীয়াৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে ।

ইফালে আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰো অভিযোগ তোলে স্থানীয় লোকে । 

লগতে পঢ়ক: Assam CM wife Land Controversy: মাটি ক্ৰয় নকৰে, কাৰ্বি পাহাৰৰ পৰ্যটন ক্ষেত্ৰলৈহে সহযোগিতা আগবঢ়াব মুখ‍্যমন্ত্ৰী পত্নীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.