Scam in Jal Jeevan: এজাক বৰষুণতে খহি পৰিল জল-জীৱনৰ পকী বেৰ - Scam in Jal Jeevan

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2023, 2:29 PM IST

 বিহপুৰীয়া, 22 জুলাই : লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দুই নম্বৰ দহঘৰীয়াত জল জীৱন আচঁনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত  হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপ সংমণ্ডলৰ অধীনস্থ দুই নম্বৰ দহঘৰীয়াত নিৰ্মাণ কৰি থকা জল জীৱন আচঁনিখনৰ পানী বিশুদ্ধকৰণ ভাণ্ডাৰত বৃহৎ ফাঁট মেলাৰ লগতে এজাক বৰষুণতে পকী বেৰ খহি পৰিল ।

ইয়াৰ পিচতেই স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পৰে বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে ৷ এই আচঁনিখনত বিভাগীয় ঠিকাদাৰে অধিক মুনাফা লাভৰ বাবে পালমৰা কামেৰে আচঁনিখন সম্পাদন কৰিব বিছাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷  

ইপিনে, স্থানীয় ৰাইজে আচঁনিখনত সংঘটিত এনে অনিয়মৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও বিভাগৰ চৰকাৰী বৰমূৰীয়া সকলে আওকান কৰাহে পৰিলক্ষিত হৈছে ৷ প্ৰায় ৯০ শতাংশ কাম শেষ হোৱা এই আচঁনিখনত সংঘটিত এনেবোৰ আনিয়ম আৰু দুৰ্নীতিৰ এক উচিত তদন্ত কৰি পুনৰ আচঁনিখনৰ কাম পাক্‌কলন মতে নিৰ্মান কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:Constituency Delimitation: সন্দেহযুক্ত বাংলাদেশীয়ে শিৱসাগৰত আহোমৰ আসন কমিছে বুলি প্ৰতিবাদ কৰিছে; জয়ন্ত মল্ল বৰুৱা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.