Safai karamchari protest: চচলত পি পি কিট পৰিধান কৰি ভাগৱত পাঠেৰে চাফাই কৰ্মীৰ আমৰণ অনশন - চচলত চাফাই কৰ্মীৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:28 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : কৰ’ণাকালীন সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড হাস্পতালত চাফাই কৰ্মী হিচাপে জড়িত থকা কৰ্মচাৰীসকলক চৰকাৰে কৰা বঞ্চনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম ক’ভিড-১৯ চাফাই কৰ্মী সন্থা । ১,৩২৪ গৰাকী চাফাই কৰ্মীক চৰকাৰী বিভাগত পুনৰ নিযুক্তিৰ দাবী তুলি চচলত মঙলবাৰে অব্যাহত ৰাখে দ্বিতীয় দিনাৰ প্ৰতিবাদী কাৰ্যসূচীও ।

মহাত্মা গান্ধীৰ ছবি সন্মুখত ৰাখি আমৰণ অনশনত বহে চাফাই কৰ্মীসকলে । লগতে চৰকাৰৰ সুমতি বিচাৰি গীতা-ভাগৱত পাঠ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে কয় যে ২০২০ চনৰ ১৭ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইসকল চাফাই কৰ্মীক নিযুক্তি দিছিল । কিন্তু ক’ভিড পৰিস্থিতি শাম কটাৰ পিচত কোনো আগতীয়া জাননী নিদিয়াকৈ এই চাফাই কৰ্মীসকলক হঠাৎ কামৰ পৰা অব্যাহতি দিয়ে ৷ যাৰ ফলত এতিয়া মূৰৰ ওপৰত সৰগ ভাঙি পৰে এইসকল প্ৰতিবাদকাৰীৰ ।

চৰকাৰৰ দুৱাৰে দুৱাৰে প্ৰাপ্য অধিকাৰৰ দাবীত ঘূৰি ফুৰাৰ পিচত তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াত সোমবাৰৰ পৰা চচলত অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ল’বলৈ বাধ্য হয় বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Ganesha Chaturthi 2023: গণেশ চতুৰ্থীলৈ দুই লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ ৰাজ্যৰ বৃহত্তম গণেশৰ মূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.