Demand for cancellation of NPS:পুৰণি পেন্সন নীতি বাহালৰ দাবীত চচলত প্ৰতিবাদ কৰ্মচাৰী পৰিষদৰ - চচলত প্ৰতিবাদ কৰ্মচাৰী পৰিষদৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 5:32 PM IST

গুৱাহাটী, ৭ অক্টোবৰ: সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানক্ৰমে ৰাজ্যৰ ডেৰশৰো অধিক শিক্ষক, বিষয়া, কৰ্মচাৰী,শ্রমিক সংগঠনে নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ দাবীত শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অৱস্থান ধর্মঘট কাৰ্যসূচীত শিক্ষক-কর্মচাৰী, শ্রমিক-বিষয়াসকলে পেন্সন কৰ্মচাৰীৰ অধিকাৰ, পেন্সন বৃদ্ধাৱস্থাৰ লাখুটি, কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰক, এক দেশ-এক পেন্সন,পুৰণি পেন্সন বাহাল কৰক,অৱসৰী জীৱনৰ সুৰক্ষা দিয়ক আদি প্লে-কার্ড প্ৰদৰ্শণ কৰে । প্ৰতিবাদীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে ।

উল্লেখ্য় যে পৰিষদৰ অন্তৰ্গত ৫২খন জিলা কৰ্মচাৰী পৰিষদে ৰাজ্যৰ বিভিন্ন জিলা আৰু উপ-জিলা সদৰত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীত জিলাই জিলাই শিক্ষক-কর্মচাৰী, শ্রমিক-বিষয়াই অংশগ্ৰহণ কৰি নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনায় ।  

লগতে পঢ়ক:Demand for cancellation of NPS: নতুন পেন্সন নীতি বাতিলৰ দাবীত বঙাইগাঁৱত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.