Demand for cancellation of NPS: নতুন পেন্সন নীতি বাতিলৰ দাবীত বঙাইগাঁৱত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ - নতুন পেঞ্চন নীতি বাতিল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:03 PM IST

বঙাইগাঁও, ৭ অক্টোবৰ: বঙাইগাঁও জিলাৰ গান্ধী ময়দানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত শনিবাৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী পৰিষদে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা কৰ্মচাৰী পৰিষদৰ লগতে জিলাখনৰ কেইবাটাও কৰ্মচাৰী সংগঠনেও অংশগ্ৰহণ কৰে ৷

কৰ্মচাৰী পৰিষদৰ শতাধিক কৰ্মচাৰীয়ে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত গান্ধী ময়দান খেলপথাৰত হাতে হাতে চৰকাৰৰ নীতিৰ বিৰোধী শ্ল’গানৰ ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত কৰ্মচাৰীসকলৰ ভবিষ্যৎ অন্ধকাৰ দিশে গতি কৰিব বুলি মন্তব্য় কৰে ।

তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক এই হঠকাৰী সিদ্ধান্তক কোনো কালে মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷ লগতে চৰকাৰে এই নতুন পেন্সন নীতি বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : Protest in Lakhimpur : হত্যাকাৰীৰ ফাঁচীৰ দাবীত লখিমপুৰত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.