International weight lifting competition:আন্তঃৰাষ্ট্ৰীয় ভাৰ উত্তোলন প্ৰতিযোগিতাত অসম সন্তানৰ সোণৰ পদক অৰ্জন - সদৌ অসম মটক যুৱ ছাত্র সন্মিলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-10-2023/640-480-19755962-thumbnail-16x9-power-lifting.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 13, 2023, 1:31 PM IST
ডিব্ৰুগড়, 13 অক্টোবৰ : নেপালৰ পোখৰাত অনুষ্ঠিত হোৱা ৮ সংখ্যক এচ বি কে এফ আন্তঃৰাষ্ট্ৰীয় ভাৰ উত্তোলন প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল লাহোৱালৰ ৰুবুল বুঢ়াগোহাঁয়ে । ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত উক্ত আন্তঃৰাষ্ট্ৰীয় খেলত বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰিছিল । ইয়াৰ মাজতেই ৮৩ কেজি শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লাহোৱালৰ ৰুবুল বুঢ়াগোহাঁয়ে । এই সফলতা অৰ্জন কৰি নিশা লাহোৱালৰ গৃহত উপস্থিত হোৱা পাচতেই খেলুৱৈগৰাকীক বাসগৃহত উষ্ম আদৰণি জনাই সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ লগতে কেইবাটাও দল-সংগঠনে ।
লাহোৱাল প্ৰেছ ক্লাৱ আৰু চাবুৱা প্ৰেছ ক্লাৱেও খেলুৱৈগৰাকীক ফুলাম গামোচাৰে অভিনন্দন জনায় । এই অনুষ্ঠানত সদৌ অসম মটক যুৱ ছাত্র সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈ, অনুষ্ঠানত আপকু ডিব্ৰুগড় জিলাৰ সভাপতি ধৰণী গগৈ, লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি হোমেন ফুকন, সম্পাদক দিবাকৰ দত্ত, সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, চাবুৱা প্ৰেছ ক্লাৱৰ সম্পাদক বিশ্বজিত ফুকনকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Arm wrestling: বিশ্ব পাঞ্জা প্ৰতিযোগিতাত স্বৰ্ণ পদকৰে জিলিকি উঠা মৃন্ময় তালুকদাৰক সম্বৰ্ধনা