গোলাঘাটত ডেৰ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:22 PM IST

গোলাঘাট, 23 নৱেম্বৰ: ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে ৷ ইয়াৰ সমান্তৰালকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ দাহ কৰি আহিছে ৷ বৃহস্পতিবাৰে গোলাঘাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হৈছে ৷

গোলাঘাট নিচাজাতীয় সামগ্ৰী নিষ্পত্তি সমিতিয়ে আৰক্ষী নিৱেশৰ খেলপথাৰত এই নিচাজাতীয় সামগ্ৰীসমূহ দাহ কৰে ৷ দাহ কৰা সামগ্ৰীসমূহ প্ৰায় 1.50 কোটিৰ হ’ব বুলি জানিব পৰা গৈছে ৷ গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে দাহ কৰে এই সামগ্ৰীসমূহ ৷

ভষ্মীভূত কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ ভিতৰত আছে 1 কোটি টকাৰ হেৰ’ইন, 43 লাখ টকাৰ গাঞ্জা আৰু 1 লাখ 95 হাজাৰ টকাৰ টেবলেট ৷ উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অনুসৰি তথা গোলাঘাট আদালতৰ অনুমতি সাপেক্ষে গোলাঘাট জিলাৰ বিভিন্ন আৰক্ষী থানা এলেকাত জব্দ কৰা হৈছিল এই নিচাজাতীয় সামগ্ৰীখিনি ৷

লগতে পঢ়ক: পুত্ৰই কোৰৰ নালেৰে মৰিয়াই হত্যা কৰিলে পিতৃক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.