Robbery in Rangia: কৰ্কট ৰোগীক উপৰ্যুপৰি আক্ৰমণ চলাই দুৰ্বৃত্তই লুটি নিলে ২৮ হাজাৰ টকা

🎬 Watch Now: Feature Video

thumbnail
দিন দুপৰতে ডকাইতিৰ টিঘিলঘিলনি ৷ হলা গছত বাগী কুঠাৰ মৰা আপ্তবাক্যশাৰী প্ৰমাণিত হ’ল ৰঙিয়াত ৷ চাইকেলেৰে গৈ থকা ৰোগীক আগুচি ধৰি লুতপাত চলালে ডকাইতে (Day Robbery in Rangia) ৷ তাৰ পিছত ব্যৱসায়ীগৰাকীৰ পৰা কাঢ়ি নিয়ে ২৮ হাজাৰ টকা । কেৱল ইমানতে ক্ষান্ত নাথাকি ডকাইতৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰে কেন্সাৰ ৰোগীগৰাকীক ৷ ৰঙিয়া থানাৰ অন্তৰ্গত ভেহবাৰীৰ নিবাসী তাজনুৰ আলীয়ে চাইকেলেৰে গোৰেশ্বৰলৈ গৈ থকা অৱস্থাত ভেহবাৰী অঞ্চলত ছয়জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে তাজনুৰ আলী । আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.