Road accident in Jorhat:যোৰহাট নগৰৰ একেটা স্থানতে ৩ দিনত ৩০টা পথ দুৰ্ঘটনা - Dumper terror in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 12:57 PM IST

যোৰহাট, ১১ অক্টোবৰ: যোৰহাট নগৰৰ মাজমজিয়াত এটা স্থানত তিনিদিনত সংঘটিত হৈছে ৩০ টাতকৈ অধিক পথ দুর্ঘটনা । নিশা উক্ত পথেৰে ডাম্পাৰৰ সঘন আহ যাহ হয় । এই ডাম্পাৰবোৰৰ প্ৰায়ে শ্বাটাৰ খোল খাই বাটত পৰি যায় বালি আৰু মিহি শিলগুটি। ফলত যোৰহাটৰ তৰাজান আই এছ বি টিৰ সন্মুখ এতিয়া দুৰ্ঘটনা প্ৰৱণ স্থান হিচাপে পৰিগণিত হৈছে । যোৱা ৮ অক্টোবৰৰ নিশাৰ পৰা ১০ অক্টোবৰলৈকে সৰু বৰ কমেও ৩০ টা দুর্ঘটনা সংঘটিত হৈছে এই স্থানত ।  

মিহি শিল গুটি আৰু বালি পৰি থকা এই স্থানত হৈছে এটাৰ পাছত আন এটাকৈ দুর্ঘটনা । এই সম্পৰ্কে স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে যোৰহাট পৌৰসভাক বাৰম্বাৰ অৱগত কৰি আহিছে যদিও গা লৰাব পৰা নাই যোৰহাট পৌৰসভাৰ বৰমূৰীয়াসকলৰ । অৱশেষত এই সম্পৰ্কে সাংবাদিকে অৱগত কৰিলে যোৰহাটৰ আৰক্ষী অধীক্ষকক । তৎকালীনভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উক্ত স্থানত সিচঁৰিত হৈ থকা বালি-শিলসমূহ পানী মাৰি আঁতৰোৱাৰ ব্যৱস্থা কৰে নিশাৰ ভাগতেই । উল্লেখ্য যে উক্ত স্থান সমূহত শিল বালি সিচঁৰিত হৈ থকাৰ ফলত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ বাবে বহুলোক গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

লগতে পঢ়ক:Israel War Against Hamas : চিৰিয়াৰ পৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলৰ; হামাছৰ সৈতে যুদ্ধত দুয়োপক্ষৰ নিহত ১৯০০

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.