Road accident at Barpetaroad: বৰপেটাৰোডত ডাম্পাৰৰ খুন্দাত নিহত হকাৰ - Road accident at Barpetaroad

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 6, 2023, 7:51 PM IST

বৰপেটাৰোড ,৬ মাৰ্চ: বিশ বছৰ ধৰি খবৰ বিতৰণ কৰা আব্দুল লতিফ অৱশেষত নিজেই খবৰ হৈ পৰিল ৷ বৰপেটাৰোডৰ ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰা হকাৰ আব্দুল লতিফে সোমবাৰে বাতৰি কাকত বিতৰণ কৰি ঘৰলৈ উভতি যোৱাৰ পথত এক পথ দূৰ্ঘটনাত নিহত হয় (Road accident at Barpetaroad) ৷

বৰপেটাৰোডৰ সমীপৰ গান্ধাৰীপাৰাৰ আব্দুল লতিফে আন দিনাৰ দৰে আজিও বাতৰি কাকত বিতৰণ কৰি বাইকেৰে নিজ গৃহ অভিমুখে গৈ থকাৰ সময়ত বাক্সাৰ জাখলিবিল পাথাৰত AS 15 AC 1526 নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে । এই দুৰ্ঘটনাত ঘটনাস্থলীতেই আব্দুলৰ মৃত্যু হয় ।

সহজ সৰল তথা সদা হাস্যমুখী হকাৰ আব্দুল লতিফৰ এই অকাল মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলটোৰ সৰ্বস্তৰৰ লোক শোকত ম্ৰিয়মান হৈ পৰে (One person death in road accident) ৷ মৃত্যুৰ সময়ত আব্দুল লতিফে পত্নীৰ লগতে দুজন পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায় । ইপিনে, দূৰ্ঘটনাটো সংঘটিত কৰি ডাম্পাৰখনৰ চালকজনে পলায়ন কৰে যদিও বাক্সাৰ শিমলাগুৰী আৰক্ষীয়ে পাচত ডাম্পাৰখন জব্দ কৰে ।

লগতে পঢ়ক:Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.