Republic Day 2023 : গোৱালপাৰাত প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন - Saraswati Puja 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 26, 2023, 1:07 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গোৱালপাৰা,২৬ জানুৱাৰী : আজি দেশৰ গণৰাজ্য দিৱস (74th Republic Day)। দেশৰ প্ৰতিটো প্ৰান্ততে উলহ মালহেৰে এই বিশেষ দিনটো উদযাপন কৰা হৈছে । অসম চৰকাৰেও প্ৰতিবছৰৰ দৰে ব্যাপকভাৱে গণৰাজ্য দিৱস উদযাপন কৰিছে (Republic Day celebration in Assam)। প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰতিখন জিলাতে পৃথকে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে । জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে গণৰাজ্য দিৱস ।

গোৱালপাৰা জিলাৰো বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ নানান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Republic Day celebration in Goalpara)। সমান্তৰালকৈ গোৱালপাৰা জিলা প্ৰশাসনে চহৰৰ জেটিএছ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱসৰ আয়োজন কৰিছে ।

গোৱালপাৰাত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে (DC hoists flag at Goalpara)। পতাকা উত্তোলনৰ পাছতে অসম আৰক্ষীৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুছকাৱাজৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

অভিবাদন গ্ৰহণৰ পাছতে উপায়ুক্তগৰাকীয়ে ৰাজ্যৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক স্মৰণ কৰে । লগতে জিলাখনৰো প্ৰতিগৰাকী মুক্তি যুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে গোৱালপাৰা জিলাত ৰূপায়ণ হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে উপায়ুক্তগৰাকীয়ে । ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আদিতো পুৱাই পতাকা উত্তোলনেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় । ইফালে গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰাৰ বিভিন্ন স্থানত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে (Security is tight in Assam)। ঠায়ে ঠায়ে তালাচী চকীও স্থাপন কৰা হৈছে ।

লক্ষণীয়ভাৱে গণৰাজ্য দিৱসৰ উপৰিও ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে সৰস্বতী পূজাৰো আয়োজন কৰা হৈছে (Saraswati Puja 2023)। বাগদেৱীৰ আৰাধানাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । ইফালে সৰস্বতী পূজাক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে । সুন্দৰকৈ সাজপাৰ পৰিধান কৰি সকলোৱে বিদ্যালয়লৈ আহিছে । সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ বিদ্যালয়সমূহ ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.