Balin Rajkhowa martyr of language movement:সৰুপথাৰত মাধ্যম আন্দোলনৰ শ্বহীদ বলীন ৰাজখোৱাক স্মৰণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:55 AM IST

সৰুপথাৰ, 30 অক্টোবৰ : জাতিটোৰ মাতৃভাষাৰ বাবে আত্মবলিদান দিয়া মাধ্যম আন্দোলনৰ শ্বহীদ বলীন ৰাজখোৱাক তেওঁৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰা হয় ৷ দেওবাৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বলীন ৰাজখোৱাক তেওঁৰ মৃত্যু বাৰ্ষিকী তিথিত স্মৰণ কৰি দিনযোৰা কাৰ্যসূচীৰে সৰুপথাৰ চুকীয়াপথাৰ অঞ্চলত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ হাইস্কুল প্ৰাংগণত শ্বহীদগৰাকীৰ বেদীত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ লগতে পৰৱৰ্তী সময়ত সমজুৱাকৈ নাম-প্ৰসংগ অনুষ্ঠিত কৰা হয় ।

নামৰ মজিয়াত বলীন ৰাজখোৱাৰ পৰিয়ালবৰ্গৰ লগতে ছাত্ৰসন্থাৰ সকলো বিষয়ববীয়াই সমূহীয়াকৈ সেৱা লয় । উক্ত অনুষ্ঠানত নিশাৰ ভাগলৈ "শনিৰ প্ৰতিজ্ঞা পুৰণ, দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন" নামেৰে এখনি মহাপুৰুষীয়া ভাওনা মঞ্চস্থ কৰা হয় ।

লগতে পঢ়ক : Pavarana festival of Buddhist: বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ প্ৰৱাৰণা উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.