thumbnail

By

Published : Aug 12, 2023, 2:04 PM IST

ETV Bharat / Videos

Constituency Delimitation 2023: চিচিবৰগাঁও সমষ্টি সংৰক্ষণমুক্ত ঘোষণাত ফটকা ফুটাই আনন্দ

 জোনাই, ১২ আগষ্ট: শুকুৰবাৰে সন্ধিয়া ভাৰতৰ নিৰ্বাচন আয়োগে পুনৰনিৰ্ধাৰণ কৰা বিধানসভা সমষ্টিৰ তালিকা প্ৰকাশ কৰিছে । ধেমাজি জিলাৰ ৫৩% অজনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বাবে চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰাত সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে । সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টি দাবী সমিতিয়ে দুটা দশক জুৰি কৰা দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শুকুৰবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰা তালিকাত ধেমাজি জিলাখনত নতুনকৈ সৃষ্টি কৰা চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰিছে ।

এই খবৰ বিয়পি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে ৰাইজ । চিচিবৰগাঁও চাৰিআলিৰ লগতে চিলাপথাৰৰ ৰাজপথত সমবেত হোৱা উৎফুল্লিত ৰাইজে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে । প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা ৰাইজে চিচিবৰগাঁও জিন্দাবাদ,সমষ্টি দাবী সমিতি জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে চিচিবৰগাঁৱৰ আকাশ বতাহ ।  

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰাৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন সমষ্টিটোত সক্ৰিয় এজন বিধায়ক বিচাৰিছে সমষ্টিবাসীয়ে । জোনাইৰ বিধায়ক ভুবন পেগুকে লাগিলে পুনৰ চিচিবৰগাওঁ সমষ্টিত বিধায়ক হোৱাটোৱেই কামনা কৰিছে ৰাইজে ।

লগতে পঢ়ক:Constituency Delimitation 2023 : কৰ্তন হ’ল আমগুৰি সমষ্টিৰ নাম; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ বহু সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.