Mouzadar post abolition: মৌজাদাৰ পদ বিলুপ্তিকৰণৰ প্ৰতিক্ৰিয়া - মৌজাদাৰ পদ বিলুপ্তিকৰণৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17635004-311-17635004-1675220085474.jpg)
বাক্সা,১ ফ্ৰেব্ৰুৱাৰী: বৃটিছৰ শাসনৰ সময়তে মাটিৰ খাজনাৰ কামকাজত জনসাধাৰণৰ সুবিধাৰ বাবে সৃষ্টি কৰা এটা পদ হৈছে মৌজাদাৰ । বিভিন্ন সময়ত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মাটিৰ খাজানা আদি কামকাজত মৌজাদাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । কিন্তু, লক্ষণীয় ভাৱে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত । বিলুপ্ত কৰা হ'ব মৌজাদাৰ পদ ।
তাৰ পৰিৱৰ্তে মাটি-বাৰীৰ খাজানা বা অন্যান্য কামকাজ জনসাধাৰণে পোনপটীয়াকৈ অনলাইন মাধ্য়মেৰে কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে মিছন বসুন্ধৰাৰ দৰে পৰ্টেল মুকলি কৰিছে চৰকাৰে । যাৰ যোগেদি ৰাজ্যৰ সাধাৰণ জনতাই মৌজাদাৰৰ ওচৰলৈ নোযোৱাকৈয়ে ঘৰতে বহি সমাধান কৰিব পাৰিব মাটি-বাৰীৰ বিভিন্ন সমস্যা । শেহতীয়াভাৱে ৰাজ্য চৰকাৰে মৌজাদাৰ পদ বিলুপ্তি কৰা প্ৰসংগত সৰৱ হৈ পৰিছে ৰাজ্যৰ চুকে-কোনে থকা মৌজাদাৰ সকল ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰমাৰ পশ্চিম বাস্কা মৌজাৰ মৌজাদাৰ প্ৰদীপ মেধীয়ে(Reaction to the abolition of Mouzadar post) । পশ্চিম বাস্কা মৌজাৰ মৌজাদাৰ গৰাকীয়ে(Mouzadar of West Baska Mouza) সংবাদ মাধ্যমৰ আগত কয় যে মৌজাদাৰ পদ বিলুপ্ত কৰিলে জনসাধাৰণৰ যথেষ্ট অসুবিধা হ'ব । কিয়নো গ্ৰাম্য়াঞ্চলত এতিয়াও বহুলোক অনলাইন সুবিধা গ্ৰহণ কৰিব পৰাকৈ সক্ষম নহয় । এই সন্দৰ্ভত মৌজাদাৰগৰাকীয়ে কয় যে যিদৰে বিদ্যুতৰ বিল অনলাইনত দিয়াৰ লগতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ দিব পাৰি ঠিক তেনেদৰে জনসাধাৰণৰ সুবিধাৰ বাবে মৌজাদাৰৰ কাৰ্যালয়ত মাটিৰ খাজনা দিয়াৰ লগতে ভুমি সংক্ৰান্তীয় সমস্যাৰ প্ৰত্যক্ষভাবে মৌজাদাৰৰ লগত আলোচনা কৰাত সুবিধা হ'ব ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে ভুমি সংক্ৰান্তীয় সমস্যা সমুহ যাতে ৰাইজে সমাধান কৰিব পৰে তাৰ বাবে কেইবাখনো আঁচনিৰ জড়িয়তে সমাধান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ খাজনাৰ ক্ষেত্ৰতো যাতে ৰাইজে বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে অনলাইন সেৱা মুকলি কৰাৰ যো-জা কৰি আছে ৷ যাৰ ফলত মৌজাদাৰ পদ বিলুপ্ত কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ।
লগতে পঢ়ক: Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 54 সংখ্যক জন্মদিন