Press conference on rath yatra: শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ আয়োজন - jagannath rath yatra
🎬 Watch Now: Feature Video
গুৱাহাটী,১৭ জুন: হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন কৰিছে শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ । ২০ জুনত বিয়লি ৩:০০ বজাত উত্তৰ গুৱহাটীৰ হৰে কৃষ্ণ মন্দিৰৰ পৰা উত্তৰ গুৱাহাটীৰ দুৰ্গা মন্দিৰ মধ্য খণ্ডলৈ হ'ব এই ৰথযাত্ৰা । এই কথা শনিবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত সংবাদমেলত সদৰি কৰে মন্দিৰৰ উপসভাপতি বিজয় পণ্ডিত দাসাই ।
তেওঁ কয় ২০১৩ চনৰ পৰা হৰেকৃষ্ণ মন্দিৰে ৰথ যাত্ৰাৰ আয়োজন কৰি আহিছে । পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো আয়োজন কৰা হৈছে ৰথ যাত্ৰা । ৰথ উৎসৱ বুলিও জনাজাত শ্ৰীজগন্নাথ ৰথ যাত্ৰাত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । এইবাৰ ৰথ যাত্ৰাৰ ৰথখন ১৫ ফুট ওখ হ'ব আৰু ৰছী ডাল ১৫০ মিটাৰ দীঘল হ'ব । ৰথখন ফুল আৰু শুকান ফলৰ মালাৰে সজোৱা হ'ব ।
৫ হাজাৰ ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰাৰ উপৰিও নাম কীৰ্তন, বৰগীতৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । লগতে এই ৰথ যাত্ৰাত ৰাজ্যপাল গোলাপ চন্দ কাটাৰিয়াই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: NIA case against MLA Akhil Gogoi : পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !