thumbnail

ওদালগুৰিৰ গৰুৱাঝাৰত নাবালিকাক ধৰ্ষণ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 7:48 PM IST

ওদালগুৰি, ৩১ ডিচেম্বৰ: ওদালগুৰি জিলাৰ এক নং গৰুৱাঝাৰত পুনৰ নাবালিকাক ধৰ্ষণ । এই জঘন্য় কাণ্ড সংঘটিত কৰিলে হৰিন্দৰ মাহাতো নামৰ এজন পাষণ্ডই । উল্লেখ্যযোগ্য যে উক্ত ঘটনাটো যোৱা ২৯ ডিচেম্বৰত হৰিন্দ মাহাতুই বৰঙ্গাজুলি চাহ বাগিচাৰ গধুলি বজাৰৰ পৰা নিজ ঘৰলৈ পাঁচ মান বজাত এগৰাকী কিশোৰী ঘূৰি অহাৰ সময়ত বিশ নং বাগানত মুখত সোপা দি বলপূৰ্বক দুষ্কাৰ্য্য সংঘটিত কৰে । ইয়াৰ পিচতেই অভিযুক্তটোৱে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰে ।  

ভুক্তভোগী কিশোৰীগৰাকীয়ে কোনোমতে ঘৰলৈ গৈ সমগ্ৰ ঘটনাটো পৰিয়ালৰ লোকক বিৱৰি কয় । পিছদিনা ভুক্তভোগী পৰিয়ালটোৱে পানেৰী থানাত এজাহাৰ দাখিল কৰে । এতিয়ালৈ দোষীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে, এইক্ষেত্ৰত দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো: শশধৰ চৌধুৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.