Rameshwar Teli: কংগ্ৰেছে এহেজাৰটা গ্যেৰাণ্টী দিলেও চাহ বাগিচাৰ ৰাইজে ভোট নিদিয়ে; ৰামেশ্বৰ তেলী - প্ৰদেশ কংগ্ৰেছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-09-2023/640-480-19492275-thumbnail-16x9-teli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 12, 2023, 3:15 PM IST
ডিব্ৰুগড়, 12 আগষ্ট: কংগ্ৰেছৰ হেৰুওৱা গণ ভিত্তি উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰা বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ উল্লেখ্য যে কংগ্ৰেছে বিজেপিৰ দৰে বাগিচালৈ গৈ অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’লে বিনামূলীয়াকৈ কেইবাটাও আঁচনি প্ৰদানৰ গ্যেৰাণ্টী প্ৰদান কৰিছে ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ দলে ঘোষণা কৰা গ্যেৰাণ্টী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে, কংগ্ৰেছে ইতিমধ্যে ফটা ঢোল বজাইছে । কংগ্ৰেছ দলে এহেজাৰটা গ্যেৰাণ্টী দিলেও চাহ বাগিচাৰ ৰাইজে ভোট নিদিয়ে ।
আনহাতে ভূপেন বৰাক ভূপেন হাজৰিকা বুলি উল্লেখ কৰি কয় যে, চাহ বাগিচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে চাইকেল চলোৱা ৰাস্তাটো বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ কৰা সুন্দৰ ৰাস্তা ৷ বিজেপি চৰকাৰে ৰাস্তা নবনোৱা হ’লে ভূপেন বৰা নলাত পৰিলেহেঁতেন বুলিও কয় তেলীয়ে ৷
লগতে পঢ়ক: CM's family land scam: ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে:প্ৰদেশ কংগ্ৰেছ