thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:36 PM IST

ETV Bharat / Videos

Raksha Bandhan Celebration: টীয়কত ৰাখী বন্ধন উদযাপন

টীয়ক,৩০ আগষ্ট: আজি পবিত্ৰ ৰাখী বন্ধন । সমাজত ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক অধিক স্থায়ী তথা দ্বায়িত্ববোধ অনুভৱৰ উদ্দেশ্যে সমগ্ৰ দেশে আজি উদযাপন কৰিছে ৰাখী বন্ধন । ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়কো, টীয়কতো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত কলিয়াপানী খণ্ডৰ সহযোগত আজি ভাদ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ ৰাখী বন্ধন উদযাপন কৰা হৈছে ।  

টীয়কৰ ৰাধা কৃষ্ণ মন্দিৰত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, এক'ল বিদ্যালয়, সেৱিকা সমিতিয়ে আধ্যাত্মিক ৰীতি-নীতিৰে ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণৰ কৰে । মন্দিৰ প্ৰাংগনতে সকলোৱে ৰাখী বন্ধন উপলক্ষত ইজনে সিজনক নীতি-নিয়মৰ মাজেৰে ৰাখী বান্ধি আৰু সকলোৰে মাজত ভাতৃত্ববোধ অটুট ৰখাৰ সংকল্প লয় ।  

লগতে বিভিন্ন ৰাখী বন্ধনৰ গীত গাই আনন্দ উল্লাস কৰে । ইপিনে ৰাধাকৃষ্ণ মন্দিৰত আৰম্ভ কৰা এই কাৰ্যসূচীৰ পাছতে টীয়ক থানা, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ধৰি বিভিন্ন স্থানত ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত জিলা স্বয়ং সেৱা সংঘৰ প্ৰচাৰ প্ৰমুখ দেৱজিত খাউণ্ড, বৌদ্ধিক প্ৰমুখ ৰাজীৱ বৰা, ৰাষ্ট্ৰ সেৱিকা সমিতিৰ যোৰহাট জিলাৰ সহ কাৰ্যবাহিকা লুপা দুৱৰাকে আদি কৰি বিজেপি দলৰ কেইবাগৰাকীও কাৰ্যকৰ্তা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।  

লগতে পঢ়ক: Price of cooking gas: চাৰিশৰ পৰা বাৰশলৈ বৃদ্ধি পোৱা ৰন্ধন গেছৰ দাম দুশ টকা কমিল; সন্তুষ্ট নহয় ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.