thumbnail

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:54 PM IST

ETV Bharat / Videos

Python rescued: উৎকট গৰমত বনাঞ্চল এৰি মানুহৰ বাৰীৰ গছত উঠিল অজগৰ

চামগুৰি, ১৬ ছেপ্টেম্বৰ: বনাঞ্চল ধ্বংস হোৱাৰ লগে লগে জীৱ-জন্তুৰ লগতে সৰীসৃপে জনাঞ্চললৈ ঢাপলি মেলিছে । সৰীসৃপেও আশ্ৰয় ল’বলগীয়া হৈছে মানুহৰ বাসগৃহৰ চৌহদত । নগাঁও চহৰৰ সমীপৰ ধিং গেটত আজি এডাল প্ৰকাণ্ড অজগৰক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় । চহৰখনৰ সমীপৰ নবীন নগৰৰ হজৰত আলী নামৰ এজন শিক্ষকৰ ঘৰৰ চৌহদত প্ৰত্য়ক্ষ কৰা হয় অজগৰডাল ৷  

জানিব পৰা মতে, শিক্ষকজনৰ ঘৰৰ চৌহদত থকা মধুৰিআম গছৰ ডালত এডাল প্ৰকাণ্ড অজগৰডাল গৃহস্থই প্ৰত্যক্ষ কৰে ৷ পিচত স্থানীয় লোকে জিলা বন বিভাগক এই বিষয়ে খবৰ দিয়ে । জিলা বন বিভাগৰ লোকক খৱৰ দিয়াৰ পিচতো বিভাগৰ লোক উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্কক লৈ উত্তাল সদন; ফালৰি কাটি বিহাৰ পালেগৈ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.