Bhogali bihu celebration: ভোগালী বিহু উপলক্ষে জনিয়াৰ মেধিৰটাৰিত পুষুৰা মেলা - Pussura Mela held at jonia
🎬 Watch Now: Feature Video
জনীয়া সমষ্টিৰ অন্তৰ্গত মেধিৰটাৰিত মাঘ বিহু উপলক্ষে ৪৬ সংখ্যক পুষুৰা মেলাৰ আয়োজন (Pussura Mela at Jonia)। 13 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ চলিব এই কাৰ্যসূচী । 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘবিহু উদযাপনৰ মহা আয়োজন মেধিৰটাৰিত । ভোগালী বিহুৰ লগত সংঘতি ৰাখি বিগত ৪৬ বছৰ ধৰি মেধিৰটাৰীত এইদৰে প্ৰচলিত হৈ আহিছে পৰম্পৰাগত এই পুষুৰা উৎসৱ (Traditions of Pussura Mela) । শুকুৰবাৰে বিয়লিত মাঘবিহু আৰু পুষুৰা উৎসৱ উপলক্ষে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় মেধিৰটাৰীত । শোভাযাত্ৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদিকা দিপা কলিতা । পুষুৰা উৎসৱত প্ৰতিবছৰে পালন কৰা হয় পৰম্পৰাগত মিঞা লোক সংস্কৃতি লাঠিবাৰী খেল । এই লাঠিবাৰী খেলে ৰাইজক আনন্দ দিয়াৰ লগতে ৰক্ষা কৰি আহিছে পৰম্পৰাগত লোক সংস্কৃতিৰ ধাৰা ।