Illegal Marriage in Kaliabor: বিহাৰৰ পৰা বিয়া পাতিবলৈ আহি অসমত গ্ৰেপ্তাৰ হ’ল দৰাসহ পূজাৰী

By

Published : Jul 2, 2023, 7:46 PM IST

thumbnail

চামগুৰি,2 জুলাই: এইবাৰ বিবাহস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিলে পূজাৰী আৰু দৰাক ৷ এই ঘটনা সংগঠিত হৈছে চামগুৰিত ৷ জানিব পৰা মতে অসমলৈ বিয়া পাতিবলৈ আহিছিল বিহাৰৰ দুজনকৈ লোক ৷ বিহাৰৰ পৰা অহা বিজয় ৰাজ নামৰ বিবাহিত যুৱকজনে বিবাহৰ বাবে কলিয়াবৰৰ এখন চাহ বাগিচাত উপস্থিত হৈছিল আৰু বিয়াৰ বাবে তেওঁৰ লগত অহা মন্দিৰৰ পূজাৰীক ঘটকৰূপে নিয়োজিত কৰে ৷ 

ঘটকৰূপী পূজাৰী গৌতম গিৰিৰ সৈতে মিলি বিজয় ৰাজ নামৰ যুৱকজনে অবৈধ বিবাহৰ বাবে যো-জা চলাওঁতেই চামগুৰি আৰক্ষীয়ে খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ।

চামগুৰি আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী যুৱতীক বিয়া পাতিবলৈ আহিছিল বিজয় ৰাজ নামৰ যুৱক জনে ৷  যুৱকজনৰ লগত আহিছিল মোমায়েক তথা পূজাৰীৰূপী গৌতম গিৰি ৷ কিন্তু আৰক্ষীৰ তৎপৰতাত বিজয় ৰাজ আৰু মোমায়েক তথা পূজাৰীৰূপী গৌতম গিৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ 

লগতে পঢ়ক:Pijush Hazarika: অখিল, লুৰীণ আৰু গৌৰৱ গগৈক কি অনুৰোধ জনালে মন্ত্ৰী পীযূষ হাজৰীকাই ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.