Illegal sand mining at Barpeta: কলগাছিয়াত অবৈধ বালি খননৰ বিৰুদ্ধে প্ৰতিবাদ - কলগাছিয়াত অবৈধ বালি খননৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 13, 2023, 8:25 PM IST

জনীয়া, ১৩ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত সোমবাৰে নিখিল ভাৰত কৃষক সভাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জিলাখনৰ বৰটাৰীত মানাহ নদীত অবৈধভাৱে চলা বালি খননৰ বিৰুদ্ধে তিতাপানী আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে (Illegal sand mining in Barpeta)। ইয়াৰ পিছতেই প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বালি খনন বন্ধ নকৰিলে ৯ দিন পিচত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট পালন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে (Public protest against Illegal sand mining at Kalgasia) ।

উল্লেখ্য় যে মানাহ নদীৰ বৰটাৰীত (Illegal sand mining in Manah River) আৰু বেকী নদীৰ আমগুৰি, শওপুৰত বালি মাফিয়াই অবৈধভাৱে বালি খনন কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ (Illegal sand mining in Beki River) । বন বিভাগ আৰু বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদকাৰী কৃষক সভাৰ লোকসকলে কলগাছিয়া বজাৰৰ পৰা সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰে ।  

উল্লেখযোগ্য যে, বৃহত্তৰ কলগাছিয়া অঞ্চলত দীৰ্ঘদিন ধৰি বালি মাফিয়াই খনন কাৰ্য অব্যাহত ৰখাৰ বাবে অভয়াপুৰীৰ পৰা আমিনগাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰৰ অংশত বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে । সেয়ে তিতাপানী আঞ্চলিক কৃষক সভাৰ নেতা-কৰ্মীসকলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ।  

লগতে পঢ়ক:Swara Bhaskar wedding: স্বৰা-ফাহাদৰ মেহেন্দি আৰু সংগীত অনুষ্ঠানৰ আয়োজন, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ ফটো

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.