Public protest: শক্তি বিভাগৰ কৰ্ম কাণ্ডত অতিষ্ঠ ৰাইজে ট্ৰেন্সফৰ্মাৰক পিন্ধালে মালা

By

Published : Jun 25, 2023, 7:44 PM IST

thumbnail

বঢ়মপুৰ,25 জুন: শক্তিহীন হৈছে নেকি শক্তি বিভাগ ! পুষ্টিহীনতাত ভোগিছে নেকি শক্তি বিভাগৰ ট্ৰেন্সফৰ্মাৰসমূহ ! তাৰে উত্তৰ বিচাৰি ৰাইজৰ হাহাকাৰ ৷ শক্তি ঘুৰাই আনিবলৈ দুৰ্বল শক্তি বিভাগৰ ট্ৰেন্সফৰ্মাৰত ৰাইজে পিন্ধালে ফুলৰ মালা ৷ কাৰণ বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ নগাঁও জিলাৰ কচুৱাবাসী ৷ দীৰ্ঘদিন ধৰি দুৰ্বল ট্ৰেন্সফৰ্মাৰৰ বাবে উপযুক্ত বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছিল অঞ্চলটোৰ গ্ৰাহক ৷ ইফালে মাহে গ্ৰাহকলৈ বিদ্যুত বিল ঠিকে আহে, কিন্তু পোহৰৰ নামত টিপ চাকিৰ দৰে পোহৰ লাভ কৰে গ্ৰাহকসকলে ৷

বিগত দুটা বছৰ ধৰি ট্ৰেন্সফৰ্মাৰটো দুৰ্বল হোৱাত উপযুক্ত বিদ্যুত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে ৰাইজ । ট্ৰেন্সফৰ্মাৰটো দুৰ্বল হোৱাৰ কথা বহুবাৰ কঠীয়াতলী বিদ্যুৎ উপসংমণ্ডলৰ SDOক অৱগত কৰিছিল ৷ কিন্তু কোনো সুফল লাভ নকৰাৰ অভিযোগ গ্ৰাহকসকলৰ । অৱশেষত বিদ্যুত বিভাগৰ সুমতি বিচাৰি ট্ৰেন্সফৰ্মাৰত ফুলৰ মালা পিন্ধাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গ্ৰাহকসকলে  ৷ 

লগতে পঢ়ক:48 years of the Emergency: জৰুৰীকালীন অৱস্থাৰ ৪৮ বছৰ, কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.