নিৰ্মাণৰ এবছৰ নৌ-হওঁতেই দেৰগাঁৱত পুখুৰী সদৃশ হৈ পৰিল পকীপথ - Public demand repairing damage road

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 11:13 AM IST

Updated : Nov 30, 2023, 3:05 PM IST

গোলাঘাট, 30 নৱেম্বৰ : এটা পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগা হৈছে হাজাৰ হাজাৰ পথচাৰীয়ে ৷ উক্ত পথচোৱা আছে দেৰগাঁৱত ৷ উল্লেখ্য যে, দেৰগাঁও নাৰিকলগুৰি পৰা লাহতি চাৰিআলি হৈ কুমাৰগাঁও সংযোগী পথৰ দুৰৱস্থাৰ বাবে হুমুনিয়াহ কাঢ়িব লগা হৈছে ৰাইজে ৷ ইফালে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা উক্ত পথচোৱা 2022 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈছিল ৷ কিন্তু নিৰ্মাণৰ এবছৰ নৌ-হওঁতেই জৰাজীৰ্ণ হৈ পৰিল সদাব্যস্ত পথচোৱা ৷ ফলত সৰু বৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে উল্লেখ কৰে ৷

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, 5.20 কিঃমি দৈৰ্ঘ্যৰ উক্ত পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল জগত শইকীয়া নামৰ ঠিকাদাৰজনে ৷ কিন্তু পথ নিৰ্মাণৰ কাম অধিক নিম্নমানৰ হোৱা বাবেই এবছৰ নৌ-হওঁতেই পকী পথ পুখুৰী সদৃশ হৈ পৰিল ৷ ইফালে পথচোৱাৰ মেৰামতিৰ দায়িত্বত থকা ঠিকাদাৰজনে উক্ত পথচোৱা মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : গোলাঘাটৰ বীৰংগনা সাধিনী কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা-২০২৩ বিতৰণ

Last Updated : Nov 30, 2023, 3:05 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.