Public day celebrated: তিনিচুকীয়াত ৰাইজৰ দিন উদযাপন

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:47 AM IST

thumbnail

তিনিচুকীয়া,১২ নৱেম্বৰ: বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত সমাজৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ প্ৰয়াস স্বৰূপে হিজুগুৰি মণ্ডলৰসমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ সৌজন্যত ওকণিমৰীয়া বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ৰাইজৰ আতিথ্যত আজি দিনযোৰা কায্যসূচীৰে ওকণিমৰীয়া বঙালী গাঁও খেলপথাৰত উলহ-মালহেৰে উদযাপন কৰা হয় ৰাইজৰ দিন । পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত চৌধুৰীয়ে, বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ উপ সভাপতি জ্যোতিপ্ৰসাদ বৰুৱাই ।  

তাৰপিছত গছপুলি ৰোপণ, ৰাইজৰ সমাৰোহ আৰু ৰছী টনা, পাৰ-পানী, সংগীত চকী, জাতীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা আদি বহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিভিন্ন ধৰণৰ গীত আদিৰে জীপাল কৰি তোলাৰ লগতে আমন্ত্ৰিত দলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হয় । উক্ত অনুষ্ঠানটিত উপস্থিত থাকে জিলা আঁচনি বিষয়া, সমগ্ৰ শিক্ষা তিনিচুকীয়াৰ ত্ৰিদিপ শৰ্মা তামূলী, মণ্ডল সহায়িকা ৰুবী দত্ত, কল্যাণ দিহিংগীয়া, পাপৰি সন্দিকৈ, ৰাহুল দাসকে আদিকৰি বহু গণ্য মান্য ব্যক্তি ।

লগতে পঢ়ক: Barnagar College students union election : বৰনগৰ মহাবিদ্যালয়ত আছুৰ বিজয় সমদলক লৈ এবিভিপিৰে সংঘাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.